চোলে ভাতুৰে: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
"Chole bhature" পৃষ্ঠাৰ অনুবাদেৰে সৃষ্টি কৰা হৈছে |
(কোনো পাৰ্থক্য নাই)
|
00:57, 23 February 2024ৰ সংস্কৰণ
অন্য নাম | ভতুৰ চোলা, পুৰি চোলা |
---|---|
প্ৰকাৰ | পুৱাৰ আহাৰ, নিমখীয়া মুখৰোচক |
অঞ্চল | ভাৰত |
সম্পৰ্কিত ৰাষ্ট্ৰীয় ব্যঞ্জন | ভাৰতীয় উপমহাদেশ |
মুখ্য উপাদান | বুটমাহ, ময়দা আটা আৰু চুজি |
ভিন্ন প্ৰকাৰ | পনীৰ ভাতুৰে, পুৰি ভাজি, চোলে কুলচে। , ডাবোলছ (ট্ৰিনিদাদ, গুয়ানা) |
চোলে ভাতুৰে ভাৰত উপমহাদেশৰ উত্তৰ অঞ্চলৰ এবিধ জনপ্ৰিয় খাদ্য ব্যঞ্জন ৷[1] ইয়াত চানা মছলা (মছলা বগা বুটম্মাহ বা কাবেলী বুট) আৰু ভাতুৰা / পুৰি থাকে। এইকেইটা ময়দাৰ পৰা তৈয়াৰী তেলত ডুবাই ভজা ৰুটিসদৃশ খাদ্য।[2][3][4]
চোলে ভাতুৰে প্ৰায়েপুৱাৰ আহাৰ হিচাপে খোৱা হয়। কেতিয়াবা ইয়াক লচীৰ সৈতেও খোৱা হয়। ই ৰাস্তাৰ দাঁতিৰ খাদ্য বা ষ্ট্ৰীট ফুড সম্পূৰ্ণ খাদ্যও হ'ব পাৰে আৰু ইয়াৰ লগত পিঁয়াজ, আচাৰ কৰা বিলাহী, সেউজীয়া চাটনি বা অন্য আচাৰ খাব পৰা যায়।[5]
মূল
চোলে ভাতুৰৰ উৎপত্তি স্থানক লৈ বিতৰ্ক চলি আছে। কিছুমান সূত্ৰই এই খাদ্যৰ উৎপত্তি দিল্লীত হোৱা বুলি দাবী কৰে, য'ত ই অতি জনপ্ৰিয়।[6][7] আন কিছুমানে পূব উত্তৰ প্ৰদেশক উৎপত্তিস্থল বুলি দাবী কৰে।[8][9] কিন্তু এই বিষয়ে কোনো ঐক্যমত পোৱা হোৱা নাই।
প্ৰস্তুতি
জিৰা, গোটা ধনীয়া, হলুদৰহালধি গুড়ি, আৰু জলকীয়াৰ গুড়ি আদি মছলা দি চোলে প্ৰস্তুত কৰা হয়। অতিৰিক্ত সোৱাদৰ বাবে পিঁয়াজ, নহৰু, আদাও যোগ কৰা হয়। আটা, নিমখ, তেল মিহলাই মঠি ভতুৰ/ভাতুৰে প্ৰস্তুত কৰা হয়। মঠি লোৱা আটা/ময়দাখিনি অৰ্ধবৃত্ত বা বৃত্তৰ দৰে বেলি তেলত ডুবাই ভাজি ভতুৰ ফুলি উঠালৈকে ৰখা হয়। [10]
লগতে চাওক
- Doubles, chole bhature ৰ পৰা অনুপ্ৰাণিত কেৰিবিয়ান খাদ্য
তথ্যসূত্ৰ
- ↑ Chawla, Devika. Home, Uprooted. Fordham University Press. পৃষ্ঠা. 126.
- ↑ Sharma, Samreedhi (14 March 2007). "Calorie watch: bhatura chole vs Puri bhaji". http://in.rediff.com/getahead/2007/mar/14cal.htm.
- ↑ McCrohan, Daniel (2019). Lonely Planet Pocket Delhi & Agra. Lonely Planet Global Limited. ISBN 9781788687294.
- ↑ "Punjabi-style chole bhature recipe to make at home" (en-IN ভাষাত). Vogue India. 2020-08-21. Archived from the original on 27 April 2021. https://web.archive.org/web/20210427075005/https://www.vogue.in/vogue-cookbook/collection/punjabi-style-chole-bhature-recipe-to-make-at-home/। আহৰণ কৰা হৈছে: 2021-04-27.
- ↑ "North Indian Cuisine: Recipes, History And The Best Restaurants In Delhi, Nyc And London". 5 July 2013. Archived from the original on 4 September 2018. https://web.archive.org/web/20180904230036/https://www.thecultureist.com/2013/07/05/north-indian-cuisine-recipes-history-best-restaurants-in-delhi-nyc-london/। আহৰণ কৰা হৈছে: 28 January 2017.
- ↑ Siciliano-Rosen, Laura (2014). Delhi Food and Travel Guide The inside scoop on the best North Indian foods in Delhi. Eat Your World.
- ↑ "Street food that's ruling the mind of Delhi-NCR foodies". 26 July 2020. https://www.hindustantimes.com/delhi-news/street-food-that-s-ruling-the-mind-of-delhi-ncr-foodies/story-z94IahYjnt2oBac4hNT6UO.html.
- ↑ Galanakis, Charis M. (2020-09-22) (en ভাষাত). Gastronomy and Food Science. Academic Press. ISBN 978-0-12-820438-2. https://books.google.com/books?id=-bvbDwAAQBAJ&q=Bhature+uttar&pg=PA214.
- ↑ "Chole Bhature Sprinkled with Nostalgia". The New Indian Express. https://www.newindianexpress.com/lifestyle/food/2016/jan/30/chole-bhature-sprinkled-with-nostalgia-875493.html। আহৰণ কৰা হৈছে: 2021-04-27.
- ↑ Dalal, Tarla (2000). Chaat Cookbook. Sanjay & Company. পৃষ্ঠা. 20–21. ISBN 9788186469620.