অসমৰ মেটেকা শিল্প: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
13 নং শাৰী: | 13 নং শাৰী: | ||
==উৎপাদিত সামগ্ৰীসমূহ== |
==উৎপাদিত সামগ্ৰীসমূহ== |
||
[[File:Water Hyacinth products.jpg|thumb|মেটেকাৰ পৰা উৎপাদিত বিভিন্ন সামগ্ৰী]] |
[[File:Water Hyacinth products.jpg|thumb|মেটেকাৰ পৰা উৎপাদিত বিভিন্ন সামগ্ৰী]] |
||
২০২১ চনত অসমৰ গুৱাহাটীৰ দুজন যুৱক - ৰূপাংকৰ ভট্টাচাৰ্য্য আৰু অনিকেত ধৰে মেটেকাৰ পৰা ছপা কৰিব পৰা হাতেৰে নিৰ্মিত কাগজ নিৰ্মাণৰ বাবে কৰা প্ৰচেষ্টাৰ বাবে স্বীকৃতি লাভ কৰে। ৰূপাংকৰ আৰু অনিকেত দুয়োজনে শিক্ষণ আৰু প্ৰশিক্ষণৰ কঠোৰ প্ৰক্ৰিয়াৰ জৰিয়তে কুম্ভি কাগজৰ সৈতে উদ্যোগীকৰণৰ যাত্ৰাত নামি পৰে। কুম্ভি কাগজ পৰা ১০০% জৈৱ-বিঘ্নিত আৰু ৰসায়ন মুক্ত হাতেৰে নিৰ্মিত কাগজ প্ৰস্তুত কৰাত বিশেষজ্ঞ।<ref name="TAT">{{cite web | url=https://assamtribune.com/assam/this-duo-from-assam-turned-a-troublesome-weed-into-biodegradable-paper-1470873 | title=This duo from Assam turned a troublesome weed into biodegradable paper | publisher=The Assam Tribune | date=8 April 2023 | accessdate=13 March 2024 | author=Mumeninaz Zaman}}</ref> |
|||
আত্মসহায়ক গোটসমূহৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ ভিতৰত হাতত লোৱা বেগ, পইচাৰ বেগ, কলমদানি, বাস্কেট, ফাইল কভাৰ, গৃহসজ্জাৰ সামগ্ৰী, টেবুল মেট আদি। |
|||
==তথ্য সংগ্ৰহ== |
==তথ্য সংগ্ৰহ== |
03:08, 13 March 2024ৰ সংস্কৰণ
এই প্ৰবন্ধত বৰ্তমান গুৰুত্বপূৰ্ণ সালসলনিৰ কাম চলি আছে। সম্পাদনা দ্বন্দ্ব এৰাই চলিবলৈ এই জাননী থকা পৰ্যন্ত ইয়াত কোনোধৰণৰ সম্পাদনা নকৰিব। বৰ্তমান কাম কৰি থকা লিখকৰ নাম জানিবলৈ ইচ্ছা কৰিলে এই লিংক চাওক। যদি এই প্ৰবন্ধত দুসপ্তাহৰ অধিক সময় কাম হোৱা নাই, তেনেহ'লে এই সাঁচটো আঁতৰাই দিব পাৰে। |
মেটেকা বা পানী মেটেকাৰ শিল্প অসমৰ এক উদীয়মান কুটিৰ শিল্প। এই শিল্পত মেটেকাৰ পৰা হেণ্ডবেগ, পইচা থোৱা বেগ, টেবুল মেট, ফাইল কভাৰ, কলমদানি আদি সজা হয়।
ইতিহাস
অসমত ৰাজ্যৰ প্ৰায় প্ৰতিখন নদী, ডাঙৰ ডাঙৰ জলাশয়ৰ পৰা আৰম্ভ কৰি গাঁৱে-ভূঞে ঘৰুৱা পুখুৰীলৈকে মেটেকা প্ৰচুৰ পৰিমাণে দেখা যায়। দীৰ্ঘদিন ধৰি জলজ উদ্ভিদবিধক কেৱল আৱৰ্জনা হিচাপেহে গণ্য কৰা হৈছিল আৰু হয় পৰিষ্কাৰ কৰি পেলোৱা হৈছিল নহয় ব্যৱহাৰ নকৰাকৈয়ে ৰখা হৈছিল। মূলতঃ মেটেকাক অপতৃণ হিচাপে গণ্য কৰা হৈছিল। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানে (এ এছ আৰ এল এম) ইয়াৰ অধীনৰ আত্মসহায়ক গোটসমূহক প্ৰশিক্ষণ দি মেটেকাৰ পৰা লাগতিয়াল সামগ্ৰী, গৃহসজ্জাৰ সামগ্ৰী আদি প্ৰস্তুত কৰিবলৈ সিদ্ধান্ত লয়। প্ৰথমে তেওঁলোকে অসমত ছটা মণ্ডলত মুঠ ৬০০ লোক সামৰি এই প্ৰকল্পটো পৰীক্ষামূলক হিচাপে গ্ৰহণ কৰে। এই মণ্ডলকেইটা হ’ল দৰং জিলাৰ অন্তৰ্গত পূব মংগলদৈ, কোকৰাঝাৰ জিলাৰ অন্তৰ্গত কচুগাঁও, নগাঁও জিলাৰ অন্তৰ্গত দলংঘাট, তিনিচুকীয়া জিলাৰ অন্তৰ্গত গুঁইজান, মাজুলী জিলাৰ অন্তৰ্গত মাজুলী আৰু ধেমাজি জিলাৰ অন্তৰ্গত ধেমাজি। ।[1]
প্ৰথম অৱস্থাত এ এছ আৰ এল এম-এ এই পদক্ষেপক আত্মসহায়ক গোটৰ সদস্যসকলৰ বাবে অতিৰিক্ত আয়ৰ উৎস হিচাপে পৰিকল্পনা কৰিছিল আৰু সেয়েহে ই এক অংশকালীন কাৰ্য্যকলাপ আছিল। কিন্তু ইয়াৰ বাবে সঠিক প্ৰশিক্ষণৰ ব্যৱস্থা কৰাটো গুৰুত্বপূৰ্ণ আছিল। সেয়েহে এই প্ৰকল্পত কাৰিকৰী সহায় আগবঢ়াবলৈ উত্তৰ-পূব অঞ্চলৰ মেটেকা শিল্পৰ অগ্ৰণী সংস্থা নৰ্থ ইষ্টাৰ্ণ ডেভেলপমেণ্ট ফাইনেন্স কৰ্পৰেশ্যন লিমিটেডক (নেডফি) কাষ চপা হয়। নিৰ্বাচিত সদস্যসকলৰ দক্ষতা আৰু উৎপাদনশীলতা বৃদ্ধিৰ উদ্দেশ্যে অসমৰ শিল্পীৰ প্ৰয়োজন অনুসৰি কাৰিকৰী প্ৰশিক্ষণ আৰু সামৰ্থ্য বিকাশৰ কাৰ্যসূচী ৰচনা কৰা হয়।[1] বহু লোকে নিজাকৈও মেটেকা শিল্পৰ প্ৰশিক্ষণ লৈ উৎপাদনৰ কামত লাগিছে।
পদ্ধতি
উৎপাদিত সামগ্ৰীসমূহ
২০২১ চনত অসমৰ গুৱাহাটীৰ দুজন যুৱক - ৰূপাংকৰ ভট্টাচাৰ্য্য আৰু অনিকেত ধৰে মেটেকাৰ পৰা ছপা কৰিব পৰা হাতেৰে নিৰ্মিত কাগজ নিৰ্মাণৰ বাবে কৰা প্ৰচেষ্টাৰ বাবে স্বীকৃতি লাভ কৰে। ৰূপাংকৰ আৰু অনিকেত দুয়োজনে শিক্ষণ আৰু প্ৰশিক্ষণৰ কঠোৰ প্ৰক্ৰিয়াৰ জৰিয়তে কুম্ভি কাগজৰ সৈতে উদ্যোগীকৰণৰ যাত্ৰাত নামি পৰে। কুম্ভি কাগজ পৰা ১০০% জৈৱ-বিঘ্নিত আৰু ৰসায়ন মুক্ত হাতেৰে নিৰ্মিত কাগজ প্ৰস্তুত কৰাত বিশেষজ্ঞ।[2]
আত্মসহায়ক গোটসমূহৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ ভিতৰত হাতত লোৱা বেগ, পইচাৰ বেগ, কলমদানি, বাস্কেট, ফাইল কভাৰ, গৃহসজ্জাৰ সামগ্ৰী, টেবুল মেট আদি।
তথ্য সংগ্ৰহ
- ↑ 1.0 1.1 "Water Hyacinth Craft Products under ASOMI® Brand developed by Assam State Rural Livelihoods Mission". ASRLM. https://asrlms.assam.gov.in/frontimpotentdata/asomi-product-water-hyacinth#:~:text=Assam%20is%20rich%20in%20flora,often%20clogs%20slow%2Dflowing%20streams.। আহৰণ কৰা হৈছে: 13 March 2024.
- ↑ Mumeninaz Zaman (8 April 2023). "This duo from Assam turned a troublesome weed into biodegradable paper". The Assam Tribune. https://assamtribune.com/assam/this-duo-from-assam-turned-a-troublesome-weed-into-biodegradable-paper-1470873। আহৰণ কৰা হৈছে: 13 March 2024.