সমললৈ যাওক

ভূপতি চন্দ্ৰ ডেকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ভূপতি চন্দ্ৰ ডেকা (জন্ম ১ মাৰ্চ,১৯৩১-মৃত্যু ১৭ জানুৱাৰী,২০১৪) হৈছে এগৰাকী অসমীয়া গণিতজ্ঞ।[1]কটন কলেজৰ পৰা স্নাতক ডিগ্ৰীৰ পৰীক্ষাত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ পৰীক্ষাত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰা ভূপতি চন্দ্ৰ ডেকাই ওৰেটো জীৱন গণিতক লৈয়ে ব্যস্ত আছিল।[1][2]

জন্ম আৰু পৰিয়াল

নলবাৰী জিলাৰ কমাৰকুছি গাঁৱত এটা দুখীয়া পৰিয়ালত ভূপতি চন্দ্ৰ ডেকাৰ জন্ম হৈছিল ১৯৩১ চনৰ ১ মাৰ্চত।[1][2]

তেখেতৰ সহধৰ্মিনীৰ নাম নমিতা ডেকা। তেওঁলোকৰ দুই সন্তানৰ নাম হৈছে পুত্ৰ সীমান্ত ডেকা আৰু কন্যা মৌচুমী ডেকা।[3]

শিক্ষা জীৱন

১৯৪১ চনৰ ডিচেম্বৰ মাহত[2] ভূপতি চন্দ্ৰ ডেকাই কমাৰকুছিৰ উত্তম চন্দ্ৰ বৰুৱা এম ভি স্কুলৰ পৰা প্ৰথম বিভাগত এম ভি পৰীক্ষাত উত্তীৰ্ণ হয়।[1]১৯৪৪ চনত বৰভাগ কালাগ হাইস্কুলত নামভৰ্তি কৰে।[2] গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত ১৯৪৮ চনত বৰভাগ কালাগ হাইস্কুলৰ পৰা ষ্টাৰসহ প্ৰথম বিভাগত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ পিছত তেওঁ কটন কলেজত নামভৰ্তি কৰে।১৯৫০ চনত তেওঁ প্ৰথম বিভাগত আই এছ চি পৰীক্ষাত উত্তীৰ্ণ হয়। কটন কলেজৰ পৰাই গণিতৰ অনাৰ্ছত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰি ভূপতি চন্দ্ৰ ডেকাই ১৯৫২ চনত স্নাতক ডিগ্ৰী গ্ৰহণ কৰে।[1] গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা গণিতৰ স্নাতকোত্তৰ পৰীক্ষাত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰে ১৯৫৫ চনত।[1][2]

কৰ্ম জীৱন

স্নাতক ডিগ্ৰীৰ পৰীক্ষা দি উঠি ডেকাই কিছুদিন গংগা পুখুৰী হাইস্কুলত শিক্ষকতা কৰিছিল।[1][2] আকৌ এম এছ চি পৰীক্ষাৰ ফলাফল ঘোষণাৰ আগেয়ে নলবাৰী কলেজৰ অধ্যক্ষ ত্ৰৈলোক্যনাথ গোস্বামীৰ আহ্বান ক্ৰমে কিছুদিন নলবাৰী কলেজত শিক্ষকতা কৰিছিল।[1][2] পৰীক্ষাৰ ফল ঘোষণাৰ পিছত তেওঁ কটন কলেজত যোগদান কৰে।তাত ছয়মাহ চাকৰি কৰে।[2]তাৰ পিছত ১৯৫৬ চনৰ ২ জানুৱাৰীত মাত্ৰ তিনি মাহৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ত যোগদান কৰে। তিনিমাহ পূৰ হোৱাৰ পিছত তেখেতে অসম চৰকাৰৰ উদ্যোগ বিভাগত পৰিসংখ্যাবিদৰ চাকৰি কৰে।[2] ছমাহ পিছত ছেপ্তেম্বৰৰ ২৬ তাৰিখে পুনৰ বিশ্ববিদ্যালয়ত যোগদান কৰে।[2]

তেখেতে অসম মাধ্যমিক শিক্ষা পৰিষদতো কাৰ্যনিৰ্বাহ কৰিছিল।[1][2]

উচ্চ শিক্ষা আৰু গৱেষণা

গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ পৰীক্ষাত লাভ কৰা অভিলেখ সৃষ্টিকাৰী গুণাংকই ভূপতি চন্দ্ৰ ডেকাৰ গাণিতিক জ্ঞানৰ গভীৰতাৰ পৰিচয় দিয়ে।[1] সকলো কথাকে খৰচি মাৰি তন্ন তন্নকৈ পঢ়া আছিল তেখেতৰ বৈশিষ্ট্য। তেখেতে নিজা খৰচত বিলাতলৈ গৈ ইম্পেৰিয়েল কলেজৰ পৰা এৰʼনেটিকেল ইঞ্জিনিয়াৰিঙত এম এছ চি পৰীক্ষাত উত্তীৰ্ণ হয়।[1][2]ইয়াৰ বাবে তেওঁ চাকৰিত সোমোৱাৰ পৰাই পইচা গোটাইছিল আৰু পৈত্ৰিক স্থাৱৰ সম্পত্তি চৰকাৰক বন্ধক দি শিক্ষালোণ লৈছিল।[2]

গণিতজ্ঞ প্ৰভুলাল ভাটনাগৰৰ তত্ত্বাৱধানত ডেকাই ডক্টৰেট ডিগ্ৰী গ্ৰহণ কৰিছিল।[1]বিলাতৰ পৰা আহিয়েই ডেকাই বাংগালোৰৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ চায়েন্সত যোগ দি ভাটনাগৰৰ লগতে পঢ়া-শুনা কৰিছিল।তাত ছয়মাহ থাকি পুনৰ গুৱাহাটী বিশ্ববিদ্যালয়ত যোগদান কৰে।[2] গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণিত বিভাগত থাকিবলগীয়া হেতুকে ডেকাই ভাটনাগৰৰ তত্ত্বাৱধানত গুৱাহাটীৰ পৰাই ডক্টৰেট ডিগ্ৰী লাভ কৰে।[2]তেখেতৰ গৱেষণা পত্ৰৰ বিষয়বস্তু আছিল Rotating fluid[2]

সাহিত্য চৰ্চা আৰু গ্ৰন্থ

অসমীয়া ভাষাত বিশ্বৰ গণিতৰ ইতিহাস সম্পৰ্কীয় প্ৰথমখন কিতাপ গণিতৰ কথাৰ লেখক হৈছে ভূপতি চন্দ্ৰ ডেকা। ১৯৬৮ চনত অসম বিজ্ঞান সমিতিৰ দ্বাৰা প্ৰকাশিত এই গ্ৰন্থখনত বিংশ শতিকাৰ আদি ভাগলৈকে গণিতশাস্ত্ৰৰ ক্ৰমোন্নতি সম্বন্ধে উল্লেখ আছে। বিজ্ঞান জেউতি, গণিত বিকাশ এই দুই আলোচনীত তেওঁ বহুতো জনপ্ৰিয় প্ৰবন্ধ লিখি থৈ গৈছে।তেনে কিছুমান প্ৰবন্ধ হৈছে আসন্ন মান, ভুল নে ভ্ৰম-ভ্ৰমৰংগ ইত্যাদি।[2][1]

স্নাতক আৰু স্নাতকোত্তৰ মহলাৰ বাবে ভূপতি চন্দ্ৰ ডেকাই কেইবাখনো পুথি ইংৰাজী ভাষাত ৰচনা কৰিছিল।ইয়াৰে এখন বৰুৱা এজেন্সীৰ স্বত্বাধিকাৰ বদন চন্দ্ৰ বৰুৱাই প্ৰকাশ কৰিছিল আৰু বাকী কেইখন ডেকাই নিজৰ গাঁঠিৰ ধন ভাঙি প্ৰকাশ কৰিছিল। তেখেতে কিতাপৰ ব্যৱসায় কৰিব বিচৰা নাছিল। কমকৈ ছপাইছিল আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিনামূলীয়াকৈ বিতৰণ কৰিছিল।[1]

আমোদজনক ঘটনা

প্ৰকাশিত আটাইকেইখন পুথিৰ টোপোলা এটা লৈ ডেকাই এদিন কটন কলেজৰ অধ্যক্ষক কলেজত লগ ধৰি পুথিৰ টোপোলাটো আগবঢ়াইছিল।অধ্যক্ষই টোপোলাটো গ্ৰহণ কৰি ক'লে- "ছাৰ বেয়া নাপাব,অৰিহণাখিনি আজি দিব নোৱাৰিম। আপুনি আহিব নালাগে। মই আপোনাৰ ঘৰত দি অহাৰ ব্যৱস্থা কৰিম।দিলীপে আপোনাৰ ঘৰত দি আহিবগৈ।" লগে লগে ডেকাই উত্তৰ দিলে- "হেঃ আপুনি কিয়?মইতো বেচিবলৈ অহা নাই।কটন কলেজৰ পুথিভঁৰালত কিতাপখিনি দিবলৈহে আহিছোঁ।"

স্বীকৃতি

মৃত্যু

২০১৪ চনৰ ২৭ জানুৱাৰীত ভূপতি চন্দ্ৰ ডেকাৰ মৃত্যু হয়।[3]

তথ্যউৎস

  1. 1.00 1.01 1.02 1.03 1.04 1.05 1.06 1.07 1.08 1.09 1.10 1.11 1.12 1.13 ড° দিলীপ শৰ্মা (২০১৮). গণিতীয় প্ৰবন্ধমালা. অসম বিজ্ঞান সমিতি. 
  2. 2.00 2.01 2.02 2.03 2.04 2.05 2.06 2.07 2.08 2.09 2.10 2.11 2.12 2.13 2.14 2.15 2.16 ড° দিলীপ শৰ্মা. গণিতীয় প্ৰবন্ধমালা. অসম বিজ্ঞান সমিতি. 
  3. 3.0 3.1 অৱনী কুমাৰ ভাগৱতী. গণিতীয় প্ৰবন্ধমালা. অসম বিজ্ঞান সমিতি.