ফৰাচী ভাৰত
ভাৰতত ফৰাচী বসতি Établissements français dans l'Inde (French)
|
||||
---|---|---|---|---|
ৰাজধানী | পণ্ডিচেৰী | |||
চৰকাৰ | ঔপনিবেশিক প্ৰশাসন | |||
মুদ্ৰা | ফৰাচী ভাৰতীয় টকা |
ঔপনিৱেশিক ভাৰত | |
ওলন্দাজ ভাৰত | ১৬০৫–১৮২৫ |
---|---|
ডেনীয় ভাৰত | ১৬২০–১৮৬৯ |
ফৰাচী ভাৰত | ১৬৬৮–১৯৫৪ |
কাচা ডা ইণ্ডিয়া | ১৪৩৪–১৮৩৩ |
পৰ্তুগীজ ইষ্ট ইণ্ডিয়া কোম্পানী | ১৬২৮–১৬৩৩ |
ইষ্ট ইণ্ডিয়া কোম্পানী | ১৬১২–১৭৫৭ |
ভাৰতত কোম্পানী ৰাজ | ১৭৫৭–১৮৫৮ |
ব্ৰিটিছ ৰাজ | ১৮৫৮–১৯৪৭ |
ব্ৰহ্মদেশৰ ব্ৰিটিছ ৰাজ | ১৮২৪–১৯৪৮ |
দেশীয় ৰাজ্য | ১৭২১–১৯৪৯ |
ভাৰত বিভাজন | ১৯৪৭ |
ফৰাচী ভাৰত (ইংৰাজী: French India) এখন ফৰাচী উপনিবেশ{{efn|In France, it was popularly known as les Comptoirs de l'Inde আছিল, যি ভাৰতীয় উপমহাদেশৰ পাঁচটা ভৌগোলিকভাৱে পৃথক ছিটমহলেৰে (enclave) গঠিত আছিল। এইবোৰ প্ৰথমতে ফৰাচী ইষ্ট ইণ্ডিয়া কোম্পানীৰ কাৰখানা আছিল। ১৯৫০ আৰু ১৯৫৪ চনত ফৰাচীৰ দখলত থকা অঞ্চলবোৰ ভাৰতীয় গণৰাজ্যত অন্তৰ্ভুক্ত কৰি লোৱা হয়। এই ছিটমহল কেইটা আছিল- ক'ৰ'মণ্ডল উপকূলৰ পণ্ডিচেৰী, কৰিকাল আৰু য়ানাম; মালাবাৰ উপকূলৰ মাহে আৰু বংগৰ চন্দৰনগৰ। ফৰাচীসকলৰ কিছুমান চহৰৰ ভিতৰত কেইবাটাও লজও আছিল যদিও ১৮১৬ চনৰ পিছত ব্ৰিটিছে এইবোৰৰ ওপৰত ফৰাচীসকলৰ সকলো দাবী অস্বীকাৰ কৰিছিল। (লজ হ’ল ক্ষুদ্ৰ সহযোগী ব্যৱসায়িক কেন্দ্ৰ।) ১৯৫০ চনলৈকে ফৰাচী উপনিবেশৰ মুঠ মাটিকালি আছিল ৫১০ কিলোমিটাৰ (২০০ বৰ্গমাইল), ইয়াৰে ২৯৩ কিলোমিটাৰ (১১৩ বৰ্গমাইল) পণ্ডিচেৰী ভূখণ্ডৰ অন্তৰ্গত। ১৯৩৬ চনত উপনিবেশখনৰ জনসংখ্যা আছিল মুঠ ২৯৮,৮৫১ জন; ইয়াৰে ৬৩% (১৮৭,৮৭০ জন) পণ্ডিচেৰী ভূখণ্ডত বাস কৰিছিল।[1]
টোকা
তথ্যউৎস
- ↑ Jacques Weber, Pondichéry et les comptoirs de l'Inde après Dupleix, Éditions Denoël, Paris, 1996, p. 347.
গ্ৰন্থপঞ্জী
- Sudipta Das (1992). Myths and realities of French imperialism in India, 1763–1783. New York: P. Lang. আই.এচ.বি.এন. 0820416762. 459pp.
বাহ্যিক সংযোগ
ৱিকিমিডিয়া কমন্সত ফৰাচী ভাৰত সম্পৰ্কীয় মিডিয়া ফাইল আছে। |