অলপ পৰৰ পাছতে মোক হাইগেটত থ’বলৈ অহা মানুহজন গুচি গ'ল। বিদেশী। মানুহৰ মাজত একেবাৰেই অকলৈ পৰিলোঁ। স্পীয়েৰ্চ পৰিয়ালৰ আটায়ে যিহতে আমাৰ মন সন্তুষ্ট থাকে, একো অসুবিধা-আসোঁৱাহ নেপাওঁ, তাকে কৰি ভাল ঠাইত বহুৱাই মোৰে সৈতে নানা কথাবাৰ্ত্তাআ পাতিবলৈ ধৰিলে। মোৰ তিমান ভাল লগা নাছিল। একেবাৰেই ইংৰাজৰ লগত তেনেকৈ থকা, কথা কোৱা—এয়ে প্ৰথম। এই ভাবটো কথাত প্ৰকাশ কৰিব নোৱাৰি। অৱশ্যে হোটেল, জাহাজত খাইছিলোঁ; কিন্তু সি খোৱা স্বাধীনভাৱে খোৱা, তাত কিবা ব্যতিক্ৰম হলেও কাৰো তিমান ক্ষতি নাই। একে পৰিয়ালৰ হৈ খোৱা এয়ে প্ৰথম।
তেওঁলোকে আঠ কি সাৰে-আঠ বজাত শেহ খোৱা খাইছিল। এজনী লিগিৰীয়ে খোৱা বস্তু-বাহানিবোৰ এখন ট্ৰেত কঢ়িয়াই আনি দেৱালৰ কাষত থকা এখন মেজ- আলমাৰীত (side board) থ’বলৈ ধৰিলে। ঘৰৰ জীয়ৰীসকলৰ সহায়ত খোৱা মেজৰপৰা মোটা কাপোৰ সলাই বগা ফটফটীয়া চাদৰ পাৰিলে। তাৰ পাছত ঠায়ে ঠায়ে প্লেট, গিলাচ, কাঁটা, চনবোৰ নিয়মিতৰূপে সজাবলৈ ধৰিলে। তেওঁলোকে শেহ খোৱাটোত মাংস নেখাইছিল বুলিলেই হয়। ৰুটী, মাখন, পনিৰ, কোকো, বিস্কুট এনেবোৰ বস্তু আনি থোৱাত আমি আটায়ে টেবিলৰ চাৰিওফালে বহিলোঁ। মই লাহে লাহে খাবলৈ ধৰিলোঁ। তেওঁলোকে নানা কথা ক’বলৈ ধৰিলে। মোকো বহুত কথা সুধিলে। ময়ো যথোচিত উত্তৰ দিলোঁ, ইংৰাজী কোৱাত একো কষ্ট পোৱা নাছিলোঁ; কিন্তু তেওঁলোকে খৰকৈ কথা কৈ যোৱাত বুজাতহে কষ্ট পাইছিলোঁ। কিন্তু সেইদিনা এটা ভুল কৰিলোঁ। ইমানদিন হৈ গৈছে, সেইদেখি ক'বলৈ একো লাজ নকৰোঁ আৰু কোৱাটো উচিত মনত কৰোঁ, যাতে আন মানুহে আকৌ তেনে ভুল নকৰে। মোৰ কাষতে ৰুটীৰ থালখন আছিল। কুমাৰী স্পীয়েৰ্চৰ এজনাই মোক ক'লে, “Would you mind passing me the bread, please.”মই আগতে ৰুটী দেখি হাতেৰেই এডোখৰ দিলোঁ। কিন্তু এইটো নিয়মবিৰুদ্ধ। কিন্তু দিয়েই মোৰ মনত হ’ল যে কামটো বেয়া হ'ল। তেওঁলোকে অৱশ্যে একো কোৱা নাছিল। সি দেশৰ যি ৰীতি, সেই ৰীতি অনুসৰি চলা উচিত। মোৰ ৰুটীডোখৰ হয় এডাল কাঁটা কি মেজৰ ছুৰীৰে আগবঢ়াই দিয়া ভাল আছিল। মই এটা কথা এইখিনিতেই কৈ থওঁ, কিয়নো বহুতে মোক সুধিছে, “টেবিলত খোৱা নিয়ম কি? কাটা-চনেই বা কেনেকৈ ধৰিব লাগে?” তাৰ উত্তৰ হৈছে সেই টেবিলত আন আন মানুহে কি কৰে তাকে চাবা। নিজৰ বুদ্ধি আৰু প্ৰত্যুৎপন্নমতিৰ ওপৰত নিৰ্ভৰ কৰিবা, কেতিয়াও ভুল নহয়। প্ৰথম কেদিনমান বেয়া লাগিব হয়, সঁচা; কিন্তু সাত-আঠ দিনমানৰ