৪ আগষ্ট (ইংৰাজী : 4 August ) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী ৰ ২১৬তম (অধিবৰ্ষ ত ২১৭তম) দিন । বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৪৯টা দিন বাকী থাকে। এইদিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
১৬৬৬ - নেডাৰলেণ্ড আৰু ইংলেণ্ডৰ মাজত চেইণ্ট জেমছ দে' সামুদ্ৰিক যুদ্ধ (দ্বিতীয় এংগলো-ডাছ যুদ্ধৰ অন্তৰ্গত) আৰম্ভ।
১৭৫৩ - জৰ্জ ৱাশ্বিংটনে ৰাজমিস্ত্ৰীৰ ডিগ্ৰী (ইংঃ master mason) লাভ কৰে।
১৯১৪ - জাৰ্মানীৰ বিৰুদ্ধে ইংলেণ্ডৰ যুদ্ধ ঘোষণা কৰে। আৰম্ভ হয় প্ৰথম মহাসমৰ ৰ।
১৯৩৯ - ডিব্ৰুগড়ৰপৰা ইংৰাজী বাতৰি কাকত দ্য আছাম ট্ৰিবিউন সাপ্তাহিক ৰূপে প্ৰকাশিত হয়। প্ৰথম সম্পাদক আছিল লক্ষ্মীনাথ ফুকন ।
১৯৪৪ - এন ফ্ৰাংকক জাৰ্মান সুৰক্ষা আৰক্ষীয়ে (ইংঃ German Security Police) গ্ৰেপ্তাৰ কৰে।
১৯৫৬ - ট্ৰম্বেত ভাৰতৰ প্ৰথমটো নিউক্লীয় ৰিয়েক্টৰ ‘‘অপ্সৰা’’ কাৰ্যক্ষম কৰা হয়।
১৯৬৫ - অসমীয়া দৈনিক বাতৰি কাকত ‘‘দৈনিক বাতৰি কাকত ’’ প্ৰকাশিত হয়। এই কাকত সম্পাদনা কৰিছিল কীৰ্তিনাথ হাজৰিকা ই।
২০০২ - মানচেষ্টাৰত ১৭তম কমলৱেলথ খেল সমাপ্ত হয়।
২০০৭ - আমেৰিকাৰ নাছাই ফ'নিক্স (ইংঃ Phoenix) মহাকাশযান মংগল গ্ৰহলৈ প্ৰেৰণ কৰে।
২০২১ - ২০২১ চনত জাপানৰ টকিঅ' অনুষ্ঠিত হোৱা ২০২০ গ্ৰীষ্মকালীন অলিম্পিক ত ছেমিফাইনেলত তুৰস্কৰ বুজেনাছ চাৰ্মেলেনীৰ হাতত লাভলীনা বৰগোহাঁই ৫-০ ব্যৱধানত পৰাস্ত হয়। ইয়াৰ ফলত লাভলীনাই ব্ৰঞ্জৰ পদক লাভ কৰি অলিম্পিকত পদক লাভ কৰা অসমৰ প্ৰথমগৰাকী ব্যক্তি হৈ পৰে। [ 1] [ 2]
১৭৯২ - পাৰ্চী বিছি শ্বেলী বা শ্বেলী, ইংৰাজ ৰোমাণ্টিক কবি।
১৮৫৯ - ন্যুট পেডাৰছন হামছুন, নৰৱেৰ ঔপন্যাসিক। ১৯২০ চনত হামছুনে লাভ কৰিছিল সাহিত্যৰ নোবেল বঁটা। তেওঁৰ বিখ্যাত উপন্যাস হ’ল “হাংগাৰ”।
১৯০০ - মহাৰাণী এলিজাবেথ, মহাৰাণী এলিজাবেথ দ্বিতীয়ৰ মাতৃ। (মৃঃ ৩০ মাৰ্চ, ২০০২)
১৯২৯ - কিশোৰ কুমাৰ গাঙ্গুলি , বিখ্যাত ভাৰতীয় বাঙালী গায়ক আৰু নায়ক।
১৯৩২ - শশীকলা চাইগল , ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শনৰ অভিনেত্ৰী।
১৯৪৮ - জৰ্জিঅ' পাৰিচি , ইটালিয়ান তাত্ত্বিক পদাৰ্থবিজ্ঞানী।
১৯৬১ - বাৰাক ওবামা , আমেৰিকাৰ প্ৰথম কৃষ্ণাঙ্গ ৰাষ্ট্ৰপতি।
১৯৭৫ - তৰালী শৰ্মা , অসমৰ কণ্ঠশিল্পী আৰু সংগীত পৰিচালিকা।
১৮৭৫ - হানছ এণ্ডাৰছন, ডেনমাৰ্কৰ কবি আৰু আৰু ৰূপকথাকাৰ। তেওঁৰ সম্পূৰ্ণ নাম হানছ ক্ৰিষ্টিয়ান এণ্ডাৰছন।
১৯৩১ - ডেনিয়েল ৱিলিয়ামছ, প্ৰথম মুক্তভাৱে হৃদযন্ত্ৰ অস্ত্ৰোপ্ৰচাৰ কৰা চিকিৎসক।
১৯৩৭ - কাশী প্ৰসাদ জয়ছোৱাল, ভাৰতৰ প্ৰখ্যাত বুৰঞ্জীবিদ।
১৯৪৮ - মিলেভা মেৰিক, পদাৰ্থবিজ্ঞানী, এলবাৰ্ট আইনষ্টাইন ৰ প্ৰথম পত্নী আৰু সহকৰ্মী। (জঃ ১৮৭৫)
১৯৬৯ - আনন্দিৰাম দাস , অসমৰ প্ৰসিদ্ধ গীতিকাৰ।
বাৰাক ওবামা দিৱস। (আমেৰিকা)
সংবিধান দিৱস (কুক আইলেণ্ড)
বিশ্ব স্বাস্থ্য সংস্থা(WHO) আৰু ৰাষ্ট্ৰসংঘৰ শিশুৰ নিধিৰ (UNICEF)ৰ বিশ্ব মাতৃদুগ্ধ পান সপ্তাহৰ চতুৰ্থ দিন। (১ আগষ্টৰ পৰা ৭ আগষ্টলৈ)
↑ "Boxing - SURMENELI Busenaz vs BORGOHAIN Lovlina - Semifinal 1 Results" . https://olympics.com/tokyo-2020/olympic-games/en/results/boxing/results-women-s-welter-64-69kg-sfnl-000100-.htm?utm_campaign=fullarticle&utm_medium=referral&utm_source=inshorts । আহৰণ কৰা হৈছে: 4 August 2021 .
↑ "Tokyo Olympics 2020 Live Updates: Boxer Lovlina Borgohain Takes Home Bronze, Loses In Semis" (en ভাষাত). https://sports.ndtv.com/olympics-2020/tokyo-olympics-live-updates-catch-all-the-action-from-tokyo-games-today-2501933 .